ইপাৰ-সিপাৰ✍মৰম সাগৰ(আয়াং)
ইপাৰতেই শুনিছো
সিপাৰৰ ঐনিতমৰ সুৰিয়া সুৱদি মাত।
মেঘৰ জখলা বগাই যাঁও নেকি
তোৰ পাহাৰীয়া বুকুৰ সিপাৰলৈ....?
ঢিমিক-ঢামাক তৰালিৰ বুকুত
আলফুলে গুজি থ'ম তোক।
মন গ'লেই খুলি চাম হিয়াৰ এলবামৰ
শ্যামলী শ্যামলী তোৰ ছবি,
বতাহত এৰি দিম চুমা চুমা অলেখ সুগন্ধি...!!
ইপাৰত চিৎকাৰ আৰ্তনাদ
পাৰ হ'ব পৰা নাই অ' সিপাৰলৈ
তলিফুটা নাওখন পানীৰ গৰ্ভত থাকিল
ইপাৰত বুভুক্ষা মানুহৰ ঢৌ,
সিপাৰত উমাল বুকুৰ মৌ;
ইপাৰত নিঃস্ব, নিস্পষিত সংগ্ৰাম
সিপাৰত ভোগ-বিলাসৰ গান।
যাব নোৱাৰো অ' এতিয়া
ইপাৰতেই সিঁচিছো কঠিয়া,
ভঁৰালবোৰ ভৰিলে যাম সিপাৰলৈ
যৌৱনৰ উন্মাদনা বিচাৰি।
_______________________________________
_______________________________________
খোলা লেফাফা
✍নিৰেন বৰদলৈ, বোকাখাট
চাই থাকোতেই এই টিলাটোত
এটা দীঘল আলিবাট হ'ল
বুকুখন হৈ গ'ল সাগৰ !
কাকনো বুজাম কোৱা!
কৃষ্ণচূড়াৰ দালৰ চৰাইজাক যে
প্ৰেমীক হৈ গ'ল।
_______________________________________
দৰিদ্রতা
মইনুল হক
সাংগঠনিক সম্পাদক
বৰপেটা জিলা সমিতি, অসমীয়া কবিতা চর্চা১৭/১০/২০১৮ ইং
মইনবৰী, বৰপেটা, মোবাইল:- ৮৪৮৬৬৮৩০৩৬
দৰিদ্ৰতা কাক কয়...
দৰিদ্রতাই হে ভালকৈ জানে,
কঠোৰ পৰিশ্রম কৰিও
দুবেলা দুমুঠি ভালদৰে
খাবো নোৱাৰা জনে হে জানে,
দৰিদ্রতা কাক কয়... !
অট্টালিকাৰ ওপৰত বহি থকা
মন্ত্ৰী মহোদয় বিলাকে
কেনেকৈ গম পাবো,
তেওঁলোকে মাথো গম পায়
দৰিদ্র সীমাৰেখাৰ তলত থকা মানুহবোৰক লৈ
কেনেকৈ ৰাজনীতি কৰিব ৷
তোমালোক বিদেশ ভ্রমণত
কৌটি কৌটি টকা খৰচ কৰা,
অথচ দৰিদ্রতাৰ কবলত পৰা মানুহবোৰৰ বাবে নহয় ৷
হাজাৰ হাজাৰ মানুহ
শিক্ষিত যুৱক যুৱতী মৰি আছে
দৰিদ্রতাৰ কবলত পৰি
অথচ তোমালোক সিহঁতৰ যোগ্য নহয়
তথাপিওঁ সিহঁতৰ মৰিব লাগিব
কাৰণ জনম হল যে তাৰ
দৰিদ্রতাক লৈ ৷
দৰিদ্রতাৰ বাবে কিমান মানুহ
দিনে নিশাই
ৰাজ আলিতে ৰৈ থাকে
ৰেল লাইনৰ কাষত শুই থাকে
তথাপিও নহয় তাৰ সংস্থাপন
কি দোষ সিহঁতৰ...?
দৰিদ্রতাতে জন্ম হোৱা জানো তাৰ দোষ...?
এয়াওঁ যদি নহয়
তেন্তে সিহঁতৰ কি দোষ..? ৷
চকুলো ওলাই আহে মোৰ !
তোমালোক ডাষ্টবিনত পেলুৱা খাদ্যবোৰ যেতিয়া
পেটৰ কামুৰনিত তুলি খায়
সেই দৰিদ্রতাত ভুগা মানুহবোৰে,
কি যে আমাৰ দেশৰ মন্ত্ৰী..!
কি আমাৰ দেশৰ দুৰাৱস্থা..!
তাক চাবলৈ যে তাৰ সময় নাই
অথচ কৌটি টকা খৰচ কৰি আছে
তেওঁলোক, বিদেশ ভ্রমণৰ নামত ৷
দৰিদ্রতা দৰিদ্রতাই হৈ থাকিল
সমাধান নহ'ল দৰিদ্রতা সমস্যাৰ
কাহাঁনিও চাগে নহব
সমাধান, দৰিদ্রতাৰ সমস্যাবোৰ ৷
_______________________________________
_____________________________________
ভালপাওঁ বুলি নক'বা মোক....
✍কিয়ণময়ী দাস
ভালপাওঁ বুলি নক'বা মোক...
মই প্ৰকৃতিৰ প্ৰেমিকা
প্ৰকৃতিৰ সৈতে গভীৰ প্ৰেম
তোমাতকৈ অলপ বেলেগ
জোন তৰা বেলি আকাশৰ
প্ৰেমত সদায় বিলীন হওঁ
সপোনৰ পৃথিৱীত
তুমিতো জানাই মই অকলেই সুখী
তথাপিও কিয় বাৰে বাৰে
জুমি চোৱা মোৰ হৃদয়ৰ পদূলিত
নক'বা মোক ভালপাওঁ বুলি
নাযাচিবা তোমাৰ হৃদয়ৰ মৰমবোৰ
মোক মাথোঁ অকলে সুখী হ'বলে দিয়া
আপোন পৃথিৱীত।
_______________________________________
_______________________________________
ইতিহাস
✍দৃষ্টিৰূপা বৰদলৈ, বোকাখাট
সাতাম পুৰুষিয়া এই জাঁজি নৈ
দিচাং ,দিখৌ,দৈয়াং,ভোগদৈ
ধনশিৰিৰ সপোন জানো আছে ৰৈ
অ' মোৰ মৰম ভাদৈ !
নিজৰাক লৈ গ'ল ব্ৰহ্মপুত্ৰৰ বুকুলৈ ।
দুমুঠি বেদনা কঢ়িওৱা মোৰ দুহাতত
কিয়নো তুলি দিলি এই শিঙাটি।
যিহেতু এজাৰ নিজাৰ পৰা
মোৰ এই বুকুখন হৈ গ'ল
ৰৈয়াৰৈ
দিচাং,দিখৌ,জাঁজি নৈ ভোগদৈ।।
_______________________________________
সপোন দেখিবলৈ এৰিলো
✍অজয় দাৱ, বঙ্কুৱাল
সপোন দেখিবলৈ সেইদিনাই এৰিলো
যিদিনা কঠিন বাস্তৱে ক'লে
সপোন বৰ মধুৰ কিন্তু বাস্তৱ বৰ গধুৰ;
সপোন দেখিবলৈ মোৰ ভয় নালাগে,
ভয় লাগে মাথো মোৰ স্বপ্নবোৰ বাস্তৱিক কৰাক লৈ...
সচাকৈ জানা,
সপোন বৰ মধুৰ
কিন্তু
বাস্তৱ বৰ গধুৰ।
মনত পৰে ল'ৰালীৰ দিনবোৰলৈ
বালিঘৰ সজা, লুকা-ভাকু খেলা, নদীত জাঁপ মৰা.......
কি সেইবোৰ?
সপোন আছিল নেকি?
বৰ কষ্ট এই জীৱন নামৰ
নাটত নাট্যকাৰ হোৱাটো;
বহুতো আছে মোৰ জীৱনত
যি সপোনে পাতিহে,দিঠকে ভাঙিছে
তথাপিও জীয়াই আছো জানা
মই মোৰ স'তে....!!
_______________________________________
মোৰ অনুভৱ
✍অজিৎ টাইদ
আজিও মাজনী তই ইমান আজলি
সৰুতে পঢ়া শুনা একোৱেই নকৰি
ডিজিটেল হৈ নচলিলে পাগলী
ৰাৱন সতে খাই শেষ কৰিব টানি আজুৰি।
সৰ্ব শিক্ষাই কৰাব আমাৰ মন সোণোৱালী
অমনশ্ৰু, চয়নিকা স্বচ্ছতায়ে খোৱা
যোৱাচোন পঢ়াশালি
সঁচাই সন্তান আৰু শিক্ষাৰ অবিহনে ঘৰ অশুৱনি।
আমি দুই আমাৰ দুয়োৰে
সুখী পৰিয়াল পাম নেকি স্বীকৃতি।
য'ত শাস্ত্ৰ গুৰুৰ দান চলিম আমি মানি
গুৰুৰ বেদত বাস আই সৰস্বতী।