অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰৱন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।
অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।