Monday, 19 November 2018

তুমি আহিবা👉মোৰ জীৱন দলে




তুমি আহিবা 
         👉মোৰ জীৱন দলে 



তুমি আহিবা
মই লুকাই থকা সময়
যেতিয়া কাষলে লাজেই আহি কঁপাই ,
দূৰণি পৰা উৰি অহাঁ এজাক মতলীয়া বতাহৰ সোণাৰু
ফুলৰ সুগন্ধি পাই,
মোৰ বিশ্বাস তুমি আহি আছে,
মোৰ অপেক্ষা বৰ লাজুকী বনৰ দৰে,
হতাশ হৈ পৰোঁ,
ছবিখন অচিন,
ভাগি পৰা দৰে
অপ্ৰাণ প্ৰাচীন কালৰ দেৱাল,
তথাপিও এখোজ কাঢ়িবলৈ বিচাৰোঁ
সেউজী ৰাতিপুৱা পখিলাৰ লগত,
গীতৰ সুৰৰ মাজত
এটি সুৰ মিলাই যাব খুজিছোঁ,
তোমাৰ অপেক্ষাত,
তুমি আহিবা!

No comments:

Post a Comment

বিষাক্ত প্ৰেমৰ বতৰা 👉মিজু মৰাং ।

বিষাক্ত প্ৰেমৰ বতৰা জ্যোতিৰ্ময় মৰাং যাক বিছাৰি ফুৰিছো, তাই জানো বিছাৰি ফুৰিছে মোক, এয়া এক অবাস্তব কল্পনাহে মাথোন...