Tuesday, 20 November 2018

সাহিত্য

লিখন-শিল্পক এক কথাত সাহিত্য (ইংৰাজীliterature) বোলা হয়। গদ্যপদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধনিবন্ধগল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য
সাহিত্য
প্ৰধান ক্ষেত্ৰ
গোত্ৰ
মাধ্যম
অভিনয় (নাট্যমঞ্চ বা থিয়েটাৰ) · গ্ৰন্থ
কৌশল
ইতিহাস আৰু তালিকা
আলোচনা
‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে । সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।

No comments:

Post a Comment

Sing with me...

https://drive.google.com/file/d/1EZ-HHLJYKPFSd4LwSA7Meb7oL61U4wWp/view?usp=drivesdk