Tuesday, 20 November 2018

প্ৰতাৰণা এক সঁচা প্ৰেম

প্ৰতাৰণা
এক সচাঁ প্ৰেম কাহিনী
------------------
ল'ৰা এজনে ছোৱালী এজনীক প্ৰথম দেখাৰে পৰা প্ৰেমত পৰিছিল ৷ সি নিজে ক'ৱ পৰা নাছিল কিমান ভাল পায় পেলাইছিল ৷ সকলো সময়তে তাইকে ওচৰত বিছাৰিছিল,কিন্তু তাইক খুলি ক'ৱৰ সাহস হোৱা নাছিল ৷ সেই সময়ত ছোৱালী জনী পঢ়িছিল নৱম শ্ৰেনীত আৰু ল'ৰাজন পঢ়িছিল দশম শ্ৰেনীত ৷ তাইক দেখা পাবৰ বাবে সময়তকৈ আগতিয়াকৈ স্কুল পাইছিল গৈ ৷ এসময়ত ছোৱালী জনীয়ো অনুভৱ কৰিলে যে ল'ৰা এজনে তাইক ভাল পাব বিছাৰে কিন্তু দুয়োৰে এইবোৰ কথা ক'বলৈ কাৰো সাহস হোৱা নাছিল ৷ তেওঁলোকৰ মৌন প্ৰেম প্ৰায় তিনিবছৰ পাৰ হ'ল ৷
সময়ত দুয়ো একেখন কলেজতেই অগা পিছাকৈ ভৰ্ত্তী হ'ল ৷ ল‘ৰা জনে সাহস কৰি এদিন তাইক প্ৰস্তাবটো দি দিলে ,হয়তো ছোৱালীজনীৰো একেই মন আছিল সেইবাবে প্ৰস্তাবটি নুই নকৰিলে ৷ তাইৰ প্ৰস্তাব শুনি যেন ল'ৰাজনে জীৱনৰ সকলো সুখ এদিনতে পালে ৷ তেওঁলোকৰ প্ৰেমৰ বান্ধোন যেন কোনেওঁ ভাঙিব নোৱাৰা জটিল হৈ যাব ধৰিলে ৷ প্ৰেমৰ প্ৰস্তাব দিবলৈ প্ৰায় তিনিবছৰ লাগিল ,তেওঁলোকৰ প্ৰেম এতিয়া সাতবছৰলৈ সুকলমে চলি গ'ল ৷ কিন্তু ছোৱালীৰ জানো কি হ'ৱ ধৰিছে ,ল'ৰাজনৰ পৰা আতৰি থাকিব ধৰিছে ৷ হঠাত এনিশা তাইলৈ ল'ৰা জনে ফোন কৰোতে তাইৰ মবাইলত শুনা পুৱা গ'ল -" দা এয়াৰটেল নাম্বাৰ য়ু আৰ কলিং ইছ বিজি এটেন্দিং এন এনাদাৰ কল" ৷ এই ভাষ্য শুনি ল'ৰা জনে ভাবিলে হয়তো কোনোবা বান্ধৱীৰ লগত কথা পাতিছে ,কিন্তু সেই ভাষ্য এঘন্টা নহয় তিনিঘন্টালৈ শুনা গ'ল ৷ তথাপি সি সন্দেহ নকৰাকৈ থাকিল কিন্তু সেই একে ভাষ্য প্ৰায় নিশা শুনিব ধৰিলে ,তেতিয়া সি অনুমান কৰিলে সি যি ভাবিছে সচাঁয় ভাবিছে ৷
সচাঁকৈএদিন ল'ৰা জনৰ জীৱনত ধুমুহা আহিল ৷ ছোৱালী জনীৰ জানো কি হ'ল, এদিন তাক ল'গ কৰি ক‘লে, ছোৱালী - মোৰ সোন তুমি মোক পাহৰি যোৱা ৷ তোমাৰ মোৰ মিলন কেতিয়াওঁ হ'ৱ নোৱাৰে ৷ আমাৰ মিলন সম্ভৱ নহয় ৷ মই জানো তুমি মোক বহুত ভাল পোৱা, ময়ো যে তোমাক ভাল পাওঁ কিন্তু মই নিজে নাজানো মোৰ কি হৈছে, Plz মোক ক্ষমা কৰিবা, কিবা যদি ভূল কৰিলো !! তুমি সুখত থাকা মোৰ আশা ৷ মই তোমাৰ লগত থকা প্ৰতিটো ক্ষণ পাহৰি নাযাওঁ!!
ল'ৰাজনে জানো তাইক পাহৰিব পাৰিব ?? দহ বছৰ ছোৱালী জনীক ভাল পোৱাৰ পিছত জানো পাহৰিব পাৰি ? সি তাইক বহু বাৰ সুধিলে, হৈছে কি তোমাৰ, কিয় এনেকোৱা কৰিলা ? ওহো নক'লে তাই কেতিয়াওঁ তাক খুলি ৷ ল‘ৰাজন বিপাঙত পৰিল ৷ সি যে তেতিয়া পগলাৰ দৰে হ'ৱ ধৰিলে ৷ নহ'ৱ নো কিয়, সি যে তাইক মনে প্ৰাণে ভাল পাইছিল ৷ নিজক পাহৰি, ঘৰৰ কথা পাহৰি !! সকলোৱে জানে প্ৰেম কৰি ভাগি পৰিলে বেছিভাগ ল'ৰা এজনে কি হাতত তুলি লয় ! হয় ঠিকেই সি তাইৰ কথা মনত পৰিলেই আমনি পোৱা হ'ল, তাৰ বাবে সি মদত হাত দিলে ৷ সদায় সুৰাৰ ৰাগিত মতলিয়া হৈ থাকি নিজকে সান্তনা দি গ'ল ৷ সি যে তেতিয়া নিজৰ জীৱন ধ্বংসৰ পথত ৷ তাৰ মনত এটা প্ৰশ্নই খুলি খুলি খাব ধৰিলে, কিয় কৰিলে তাই এনেকোৱা, তাৰ ক'ত ভূল আছিল!!!
এনেকৈ দুমাহ পাৰ কৰি সি অনুসন্ধান কৰি বুজিলে ৷ তাই যে তাক সঁচায় প্ৰতাৰণা কৰিছে৷ তাই আৰু এজন ল'ৰাক ভাল পাইছিল ৷ ভাল পোৱাৰ কাৰণ ল'ৰাজনৰ তাত বহু ধন-সম্পত্তি আছিল, গাড়ী আছিল ৷ হায়ঃ ছোৱালীয়ে ধনৰ কাৰণে নিজৰ প্ৰেমক এনেকোৱা কৰে নে বাৰু ??? সি যে আৰু দুখত পৰিল কথাবোৰ ভাবি, মোৰ তাত কিয় নাছিল ধন, গাড়ী, অগাধ সম্পত্তি তাৰে প্ৰেম কিনিব পাৰি!!!
উপায় নাই সি নিজকে বুজাব ধৰিলে ৷ এতিয়া তাইক দেখাবৰ বাবে নিজকে সলনি কৰিলে ৷ ভগৱানৰ কৃপাত সলনিওঁ হ'ল, সকলো পাহৰিলে সি প্ৰেম, ঠগ!!!!
প্ৰেম যে সকলোৰে বাবে একে নহয় তায়ো এদিন গম পালে, ল'ৰাজনে তিনিমাহ প্ৰেম কৰি তাইকো ঠগিলে ৷ তাইৰ সকলো ধ্বংস কৰি পেলালে তাইক ৷ তাই ল‘ৰাজনৰ কামনাৰ বলি হৈ সকলো শেষ কৰিলে নিজৰ জীৱনটো!
তেতিয়া আকৌ প্ৰথম প্ৰেমিক লৈ ঘূৰি আহিৱ বিছাৰিলে! কিন্তু ল'ৰা জনে কিয় ল'ৱ আকোৱালি, তাই যে ধনৰ লোভত সঁচা প্ৰেম পাহৰি সেইজন ল'ৰাৰ কামনাৰ বলি হ'ল তথাপি প্ৰথম প্ৰেমিকজনৰ ল‘গত মাজে মাজে ফোনত কথা হয় ৷এনেকৈ তিনিবছৰ যোৱাৰ পিছত তাইৰ বিয়া ঠিক কৰিলে ঘৰৰ মানুহে ৷ তাই প্ৰথম প্ৰেমিকক অনুৰোধ কৰিব ধৰিলে, তাইক হেনো বিয়া পাতিব লাগে, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো ৷ আনকি তাইৰ ঘৰৰ মানুহেওঁ প্ৰথম প্ৰেমিক জনক অনুৰোধ কৰিলে তাইক আকোৱালি ল'ৱ ৷ ওহো নামানিলে কেতিয়াওঁ, মানিব নো কিয়, এসময়ত ধনৰ লোভত সঁচা ভাল পোৱাক প্ৰতাৰণা কৰি আনৰ কামনাৰ বলি হৈছিল!! আনকি বিয়াৰ দিনাওঁ তাক তাই কৈছিল,"মোক লৈ যোৱা, মই তোমাৰ হ‘ৱ বিছাৰো আন কাৰো নহওঁ ,মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো " ৷ ওহো নল'লে আকোৱালি তাইক ,হৈ গ'ল বিয়া তাইৰ আনৰ ল'গত ৷
এতিয়া আপোনালোকে কওঁক ছোৱালী জনীক আকোৱালি ল'ৱ লাগিছিল নে??? যি জনী ছোৱালীয়ে ধনৰ বাবদ ল'ৰাজনৰ সঁচা ভালপোৱাক অপমান কৰিছিল ৷ এয়া জানো সম্ভৱপৰ আছিল ল'ৰাজনৰ কাৰণে !

ফেচবুক পেজ প্ৰেম ভালপোৱা ইত্যাদিৰ পৰা সংগৃহীত। 

No comments:

Post a Comment

Sing with me...

https://drive.google.com/file/d/1EZ-HHLJYKPFSd4LwSA7Meb7oL61U4wWp/view?usp=drivesdk